পৃষ্ঠা:নাম-মালিতা.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬)

পৰাশৰে কহিয়া আছন্ত মৈত্ৰেয়ত।
মাধৱৰ নামৰ মহিমা যেন মত॥
হৰি নাম লঞো হেন নাহিকে মনত।
কৰে কৃষ্ণ নাম কীৰ্ত্তন অজ্ঞানত॥৮২॥

তথাপি সমস্তে পাপে চাড়ি পুৰুষক॥
তেতিক্ষণে পলাই যায় দূৰতো দূৰক।
সিংহ হন্তে ত্ৰাস হুয়া যেন মৃগগণে।
পলায়গৈয়া লৱৰিয়া পশে ঘোৰ বনে॥৮৩॥

সমস্তে কালতে হৰি নাম বিনে আন।
নাহি গতি তথাপিতো কলিত প্ৰধান॥
সত্যযুগে যোগীসবে কৰিয়া সমাধি।
যেন যত ফল পাৱে কৃষ্ণক আৰাধি॥৮৪॥

তাহাতো কৃষ্ণৰ দশ নাম যদি লয়।
সমাধিৰ ফল যোগী তেবেসে পাৱয়॥
নিয়মে সংযমে চিত্ত সাবধান কৰি।
ত্ৰেতাযুগে নানা বিধ যজ্ঞে যজি হৰি।৮৫॥

মাধৱৰ আঠগোটা নামক উচ্চৰে।
তেবেসে যজ্ঞৰ ফল পাৱে জানা নৰে॥
নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত।
হৰিৰ দ্বাদশ নাম জপয় সতত॥৮৬॥

নাম কীৰ্ত্তনেসে সাঙ্গ কৰয় পূজাক।
তেবেসে পূজাৰ যেন ফল পাৱে তাক॥
ধ্যান যজ্ঞে পুজাৰ কহিছে যেন ফল।
হৰিৰ নামেসে তাক সাধয় সকল॥৮৭॥