(১৫)
মুকুতি পদক প্ৰতি ইচ্ছা আছে যাৰ।
বাসুদেৱ ভকতিসি জানা মুখ্যতাৰ॥
বাসুদেৱ বিনায় আনত নেদে মতি।
বোলে বাসুদেৱেসে কেৱলে মোৰ গতি॥৭৬॥
কিন্তু সিটো নবজানা ভোগী আতিশয়।
নানান বিষয়ে তাক আকুল কৰয়॥
পৰকো পৰম তাপ দেয় নিতে নিত।
জ্ঞান বিৰকতি তাত নাহিকে কিঞ্চিত॥ ৭৭॥
সম দম আদি ব্ৰহ্মচৰ্য্য ধৰ্ম্ম যত।
নাহি আন পূণ্য তপজপ তীৰ্থ ব্ৰত॥
চিত্তক নিৰ্ম্মল আতি কৰে যিটো কৰ্ম্মে।
পৰম তত্ত্বক জানা পায় সিটো ধৰ্ম্মে॥ ৭৮॥
সিটো ধৰ্ম্ম কৰ্ম্ম জানা সমস্তে বৰ্জ্জিত।
বিষয়ৰ চিন্তাত আকুল আতি চিত্ত॥
কেৱল চিত্তত কৰি বিষ্ণুক নিশ্চয়।
তানে নাম ব্যক্তে মাত্ৰ কীৰ্ত্তন কৰয়॥৭৯॥
হেনয় মনুষ্যে সুখে পাৱে যেন গতি।
সমস্তে ধাৰ্ম্মিকো তাক নপাৱে পাৰ্ব্বতি॥
এতেকে পাৰ্ব্বতী তুমি জানা নিষ্ট কৰি।
নাহি ধৰ্ম্ম বিষ্ণু নাম কীৰ্ত্তনৰ সৰি॥৮০॥
এহি মানে থৈলো মহেশৰ বচনক।
জানি সৰ্ব্বজনে লৈয়ো কৃষ্ণৰ নামক॥
পুনৰপি শুনা হৰি নামৰ মহত।
কহিয়া আছন্ত যেন বিষ্ণু পুৰাণত॥৮১॥