পৃষ্ঠা:নাম-মালিতা.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১০)

জলেমগ্ন হয়া পিতৃগণ নিৰন্তৰে।
একচিত্ত মনে মাধৱক স্তুতি কৰে॥৪৮॥
হে প্ৰভু নাৰায়ণ জগত নিবাস।
আপোনাৰ উৎকৰ্ষক কৰিয়ো প্ৰকাশ॥
তোহ্মাৰ প্ৰসাদে হৌক আন্ধাৰ উদয়।
জললমগ্ন হুয়া আমি আছোঁ কৃপাময়॥৪৯॥
আহ্মাক উদ্ধাৰ আসি কৰা কৃষ্ণ বাপ।
কৰোঁহো কীৰ্ত্তন আমি নিৰ্ম্মল প্ৰতাপ॥
ঘোৰ দৰশন নিদাৰুণ নিশাচৰে।
মহাভয় দিয়া আমাসাক পীড়া কৰে॥৫০॥
  শৰণ্য আনজন।
ত্ৰাস হুয়া লৈলো আমি তোহ্মাত শৰণ॥
বৰাহ স্বৰূপে তুমি হুয়া অৱতাৰ।
কৰিলাহা যেন মতে পৃথিবী উদ্ধাৰ॥৫১॥
সেহি মতে দুষ্ট দৈত্য গণক জিনিয়ো।
আমৰা সবক প্ৰভু ৰক্ষাকৰি নিয়ো॥
হ কৃষ্ণ বিষ্ণু নৰায়ণ মহেশ্বৰ।
পৰম পুৰুষ তুমি নাথ বৈকুণ্ঠৰ॥৫২॥
কেৱলে তোহ্মাৰ নাম কৰন্তে কীৰ্ত্তন।
পলায় দুশোদিশে ভাগে নিশাচৰগণ॥
ভূত প্ৰেত গলো ভয়ে নানা থানে যায়।
নাম ধ্বনি শুনি নানা বিঘ্নি লাগে ঠাই॥ ৫৩॥


উৎকৰ্ষক-মহিমাক