এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
মঞি মহা দূৰা চাৰ তযু পাৱে
শৰণ পশিলো জানি ॥ ৬০৬ ॥
আপোনাৰ নিজ বাণী সত্যকৰি
নবঞ্চিবা প্ৰভু মোক।
মোৰ আন কাম নাহি তযু পাৱে
নিৰ্ম্মল ৰতি মিলোক ॥
যেন সৰ্ব্বক্ষণে আহ্মাৰ বদনে
নছাড়ে তোহ্মাৰ নাম।
এহি অনুগ্ৰহ কৰিয়োক মোক
ডাকি বোলা ৰাম ৰাম ॥ ৬০৭ ॥