পৃষ্ঠা:নাম-মালিতা.djvu/১২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫

নাম অপৰাধ চয় শুনি নিৰন্তৰে৷
পুনৰপি পুছিলা নাৰদ মুনিবৰে।
কহিয়োক মুনি তুমি মোৰ বিদ্যমানে।
বিষয়ক মাত্ৰ যাৰা প্ৰিয় বুলি মানে॥৫৬৩
জ্ঞান বিৰকতি বিবৰ্জ্জিত নিৰন্তৰ।
দেহ পুত্ৰ ভৰ্য্যা ধন তাতে ততপৰ।
ইটো মহা ঘোৰ নাম অপৰাধ চয়।
কিমতে তাৰাক পৰাভৱ নকৰয়। ৫৬৪।
সনত কুমৰে নাৰদৰ প্শ্নৰ শুনি।
দিলন্ত সিদ্ধান্ত পাছে আঙ্ক মনে গুনি।
শুনিয়ো নাৰদ তুমি পৰম মহন্ত৷
নাম অপৰাধীক হৰিয়ো নৰাখন্ত। ৫৬৫।
হৰিৰো পৰম দ্ৰোহী যিসব নিষ্ফল৷
তাসম্বাকো ৰাখে নামে দেখা কেন বল।
হেনয় নামৰ অপৰাধী যিটো নৰ।
নামেসে কেৱল ৰাখে জানা মুনিবৰ॥ ৫৬৬
নামত কেৱলে মাত্ৰ পশিয়া শৰণ
নামকেসে কীৰ্ত্তন কৰিব সৰ্ব্বক্ষণ।
অবিশ্ৰান্তে হৰিৰ নামক সুমৰন্তে।
হৈবকে মুকুত নাম অপৰাধ হন্তে॥ ৫৬৭
শুনিয়ো নাৰদ ইটো স্বৰূপ ৰচন।
নাম অপৰাধ হীন ভৈল যিটো জন।