পৃষ্ঠা:নাম-মালিতা.djvu/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

বিষ্ণুৰ অনন্ত তেজ নাহি পৰিমান। তাহান যতেক নাম আছে বিদ্যমান। ৫১৩ সৰ্ব্ব ধৰ্ম্ম বহিৰ্ভূত হুয়া আতিশয়। সি সব নামক যাৰা কীৰ্ত্তন কৰয়। তাৰা সবে পাৱে গৈয়া পৰম গতিক৷ নামৰ মহিমা কিবা কহিবোঁ অধিক ৷৫১৪ নাম কীৰ্ত্তনত পৰে ধৰ্ম্ম নাহি আন। বৈৰিঞ্চি তন্ত্ৰত আবে শুনা বিদ্যমান। ইন্দ্ৰদ্যুম্ন নৃপতিত ব্ৰহ্মাই কহন্ত। বোলন্ত শুনিয়ো মহা নৃপতি মহন্ত৷ ৫১৫ সমস্তে তন্ত্ৰত আতি গুপ্ত নিৰন্তৰ৷ হেন জগন্নাথক পুজিয়ো নৃপবৰ। গুহ্যতো পৰম গুহ্য জগন্নাথ নাম। তাক মাত্ৰ কীৰ্ত্তন কৰিয়ো অবিশ্ৰাম৷ ৫১৬ তেজিয়া আলাস যিটো নৰ মহাজন। জগন্নাথ নাম নিতে কৰয় কীৰ্ত্তন। সমস্তে পাপত মুক্ত হুয়া আতিশয়। কৰ্ম্ম বন্ধ তেজি পৰম ব্ৰহ্মক পাৱয়৷ ৫১৭ এহিমানে সম্বৰিলোঁ ব্ৰহ্মাৰ বচন। এবে তন্ত্ৰত শুনিয়ো মহাজন৷ ব্ৰহ্মাৰ নামক কথনৰ প্ৰস্তাবত। কহন্ত নাৰদে মহা বৈষ্ণৱ সবত৷ ৫১৮