এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
এহিমানে থৈলোঁ নাৰদৰ বাক্য যত।
শুনা আৱে উমা মহেশ্বৰ সংবাদত।৫০২।
পাৰ্ব্বতীক প্ৰতি শিৱে বোলন্ত বচন।
শুনিয়ো পাৰ্ব্বতি তুমি থিৰ কৰি মন।
ৰামৰ নামৰ ইটো কীৰ্ত্তন নিশ্চয়।
নিৰন্তৰে সমস্তে পাপক নিবাৰয়৷ ৫০৩।
সেহি মোক্ষ প্ৰায়শ্চিত্ত সমস্ত পাপৰ।
সমস্তে প্ৰাণীৰ মুক্তি দাতা শ্ৰেষ্ঠতৰ৷
জানিয়া পাৰ্ব্বতী তুমি ইটো ৰাম নাম।
নেৰিবাহা মুখত কীৰ্ত্তন অবিশ্ৰাম॥ ৫০৪।
এহিমানে থৈলোঁ মহেশ্বৰ বাক্যচয়।
শুনিয়োৰ থিৰ চিত্তে অপাৰ নিৰ্ণয়
নামৰ মহিমা কহি শ্ৰুতি-সংহিতাত।
আগম শাস্তত্ৰ আৱে শুনিয়ো সাক্ষাত। ৫০৫।
প্ৰথমতে বৃহত গৌতমী আগমত।
কহিয়া আছন্ত হৰি নামৰ মহত৷
ইহলোকে কুষ্ঠ ৰোগী হোৱে যিটো নৰ।
শিশুবধ ব্ৰহ্মবধ পাপ গুৰুতৰ। ৫০৬।
ইসব প্ৰমুখ্যে আনো যত পাপ চয়।
এক বাৰ মাত্ৰ হৰি নাম উচ্চাৰয়।
শুনিয়োক পৰম আশ্চৰ্য্য আতিশয়
এতেকতে তাৰ সবে পাপ দূৰ হয়।৫০৭।