পৃষ্ঠা:নাম-মালিতা.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮

ইসব প্ৰমুখ্যে পাপী আছে যত যত।
পাৱয় মুকুতি বিষ্ণু নাম কীৰ্ত্তনত॥ ৪৮০॥
সি সব পাতক নহে ইটা পৃথিবীত।
হৰি নামে নপাৰয় যাক সংহৰিত॥
হেনৰা হইবেক ইটো মনত সংশয়।
যেৱে হৰিনামে সব পাপ কৰে ক্ষয়॥৪৮১॥
তেবে কেনে হৰি নাম নকৰি বিদিত।
ঋষি গণে বিহিলন্ত আন প্ৰায়শ্চিত্ত।
শুনিয়ো সিদ্ধান্ত আৰু তেজিয়া সংশয়।
নিবিহিল হৰি নাম অতিৰেক ভয়॥৪৮২॥
মঙ্গলৰো সুমঙ্গল ইটো হৰি নাম।
কীৰ্ত্তনত সাধে ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥
হেন হৰি নাম ইটো প্ৰায়শ্চিত্ত অৰ্থে।
কি কাৰণে তাক আমি বিহিবোহোঁ ব্যৰ্থে॥ ৪৮৩॥
কোন তুচ্চ আতি ইটো পাপগণ যত।
নানা তীৰ্থ ব্ৰত দানে কৰে তাক হত॥
অল্প পাতকৰ অৰ্থে বহু প্ৰায়শ্চিত্ত।
বিহে যিতো হোৱে তাত দোষ বিপৰিত॥ ৪৮৪॥
যেহেন পোযণ সিংহ আছে গৃহস্থত।
প্ৰমত্ত হস্তীকো তত কালে কৰে হত॥
কুকুৰ শৃগাল মাত্ৰ লাগে খেদাইবাক।
কদাচিতো গৃহস্থে মেলিয়া নেদে তাক॥ ৪৮৫॥