এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৯৭
মুৰুখ মাধৱে বোলে নিৰন্তৰে
ডাকি বোলা ৰাম ৰাম॥ ৪৬৪।
পদ
হৰিৰ নামৰ কোনে কৰিবেক সীমা।
শিৱ ধৰ্ম্মে শুনা ৰুদ্ৰ নামৰ মহিমা॥
ৰুদ্ৰ বুলি যাৰা সবে কীৰ্ত্তন কৰয়।
জানিবা স্বৰূপে তাৰা মনুষ্য নোহয়॥ ৪৬৫।
ৰূদ্ৰ লোক হন্তে সবে আসিয়া আছয়।
তাৰা সবে ৰুদ্ৰ আত নাহিকে সংশয়॥
দুগুটি অক্ষৰ ইটো শিৱ হেন নাম।
এহিসে পৰম মন্ত্ৰ আতি অনুপাম। ৪৬৬
ক*** বিশুদ্ধ এহিসে আতিশর।
তৈল বিন্দু পৰি যেন জলক ব্যাপয়।
শিব দুই অক্ষৰ উচ্চাৰে এক বাৰ।
মুকুতিক যাইতে প্ৰতি ভৈল কাচপাৰ৷ ৪৬৭।
নমস্কাৰ আদি যুক্ত হুয়া নিৰন্তৰ।
শিৱ হেন নাম ইটো দুগুটি অক্ষৰ।
জিহ্বাৰ অগ্ৰত যাৰা প্ৰৱৰ্ত্তে কেৱল।
সিটো মনুষ্যৰ জানা জীৱন সম্ফল৷ ৪৬৮
দিনতে নিশাতে বা সন্ধ্যা সময়ত।
বিৰুপাক্ষ বুলি যাৰা সুমৰে সতত।
৭ (ক