পৃষ্ঠা:নাম-মালিতা.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪

সমস্তে আৰম্ভ তেজিয়া কেৱলে
 হয়ো নাৰায়ণ পৰ।
ইটো জগতত পৰম কুশল
 নাহি আন আতপৰ॥ ৪৫৬॥
আত অনন্তৰে, শুনিয়ো তহিত,
 যেন প্ৰহলাদৰ বাক।
পৰম ভকত প্ৰহ্লাদে কহন্ত
 হৰিনাম মহিমাক॥
হৰি হেন ইটো দুগুটি অক্ষৰে
 জিহ্বাত যাৰ থাকয়।
গঙ্গা গয়া কাশী পুষ্কৰ সেতুক
 যাইবে তাৰ নলাগয়। ৪৫৭॥
অশ্বমেধ নৰ মেধ আদি যজ্ঞে
 সদক্ষিণে যজি নৰে।
পাৱে যেন ফল সমস্তে তাহাক
 সাধে হৰি দুঅক্ষৰে॥
বাৰানসী কুৰু  ক্ষেত্ৰ নিমিষত
 পুষ্কৰত পূৰ্ণ্য যত।
পাৱে নিৰন্তৰে হৰি দু-অক্ষৰে
 সাধয় তাক সমস্ত॥৪৫৮॥
ঋক যজু সাম অথৰ্ব্ব বেদক
 পঢ়ি পাৱে যেন ফল।

-