পৃষ্ঠা:নামতী-আই.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৯)

কোনােবা জনমত অ’ সীতা
মহাপাপ কৰিলোঁ অ’ সীতা
ঋষিৰ শাপে চুলে মােক অ’ সীতা
আইদেউ নবহে দলিছা তিতা।

 

জোনে বেলি !  ৰভাৰ চাৰি চুকে
জোনে বেলি !  চাৰি জন বহিছে
তৰা ঐ !  চাৰিওকো চাৰিয়ে ছৰে৷
জোনে বেলি !  তুলসীৰ মালালৈ
জোনে বেলি !  যেই জনা বহিছে
তৰা ঐ !  সেই জনাই জানকীক বৰে৷
জোনে বেলি !  ৰভাৰ ওপৰে
জোনে বেলি !  সর্পে গুজৰিলে
তৰা ঐ !  পার্ব্বতী বুলিলে খাই।
জোনে বেলি !  মহাদেও বুলিলে
জোনে বেলি!  নেখায় পাৰেবতী
তৰা ঐ !  সর্পে সিঙ্গা বেণু বাই।
জোনে বেলি!  বাড়িৰ আমে খৰি
জোনে বেলি!  কাটে ছেৱে ধৰি
তৰা ঐ !  কপিলী গৰুৰে ঘিউ।
জোনে বেলি!  কেলই যচাইছা।
জোনে বেলি !  অগ্নি দেৱতা
তৰা ঐ !  লেখৰ সাতে পোৱা ঘিউ৷