পৃষ্ঠা:নামতী-আই.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪১ )

  আজি আইদেওক
  দৈয়ন দিছে
 শিঙ্গা দুৱাৰত ৰই এ


১৪) দৰা সজাওঁতে গোৱা নাম।

এইনো সাজে পাৰে   নুশুৱাই বোপা দেওক
  আৰু সাজ পাৰ লাগে।
খৰকৈ যোৱা গই   দেওতাক কোৱাগই
  এতিয়াই সলাব লাগে।
হাতীকে সজালে   হাতী বৰুৱাই
  ঘোৰাকে সজালে ঘাহি।
আমাৰ বোপা দেওক   সজাই দেউতাকে
  বিচিত্ৰ অলঙ্কাৰ আনি॥
ধোবাকো বধিলে   বস্ত্ৰ কাঢ়ি ললে
  কুজিৰো ললে চন্দন।
মলিয়াৰ হাতৰে   মলা তুলি ললে
  লৰিলে ৰঘু নন্দন।
হাতী আনো বুলি   নানিলা দেউতা
  ঘোৰাকো আহিলে এৰি।
অতখন বাট লই   কেনেকই যাব গই
  সোনৰ মনি যেনে ভৰি।