পৃষ্ঠা:নামতী-আই.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ২৭ ﴿

শিৱ! কামদেৱৰ পুত্ৰ
শিৱ! গোবিন্দৰ নাতি
শিৱ! আনি দিয়া প্ৰাণ সখি।



 চিত্ৰ লেখা   বোলে উষা
 ওবা প্ৰাণৰ সখি।
 সাত দিনৰ   ভিতৰে মই
 পত্ৰ দিমো লেখি।



অই ৰে! পাতিত বহি আইদেৱে
অই ৰে! গাঠে ফুলৰ মালা।
অই ৰে! কি কি ফুলৰ মালা আইদেউ
অই ৰে! কি কি ফুলৰ মালা।
অই ৰে! গাৱত বঙ্গালি বস্ত্ৰ
অই ৰে! তুলসীৰ মালা।
অই ৰে! তুলসীৰ মালা লহ
অই ৰে! স্বামী সেৱা কৰে।
অই ৰে! সুমঙ্গল হৌক বুলি
অই ৰে! আশীৰ্ব্বাদ কৰে।
অই ৰে! আইদেউৰ কাপোৰতে
অই ৰে! মাণিকৰ জেঠি।
অই ৰে! দহো আঙ্গুলিয়ে জ্বলে
অই ৰে! ৰত্নৰ আঙঠি।