এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )
অতি চেনেহৰে
মাকে নোৱাইছে
ওপৰে বনাইছে চিলা ৰাম জানকী।
আইদেউৰ পধুলিতে, হালি আহে নল।
কলহে কলহে ধালে, যমুনাৰে জল॥
দেউতাৰ ঢাপত আছে, পাৰদ মণি তিতা।
এতেবেলি নোৱাই আছে কুমলিয়া সীতা॥
মেঘৰ বৰণ শ্যাম তনু, দিগম্বৰ ভেশ।
পিঠিত পৰিয়া আছে, আউল জাউল কেশ॥
বহি আছে আইদেৱে, মেলি আছে চুলি।
শৰ ধনু ধৰি আছে, হৰি নিয়ে বুলি॥
স্নান কৰি আইদেৱে দুৰ্গাত মাগে বৰ।
জন্মে জন্মে মোৰ স্বামী হোক দামোদৰ।
স্নান কৰি আইদেৱে কঁপে থৰ থৰি।
পেলাই দিয়া পাট বস্ত্ৰ, পিন্ধক লাহে কৰি॥
স্নান কৰি আইদেৱে গোপিণীলৈ চাই।
চেনেহৰ মাকৰ মনে, অনেক খেলাই॥
স্নান কৰি আইদেৱে মূৰত দি হাত।
স্বৰ্গৰ পৰা ইন্দ্ৰ আহি কৰে আশীৰ্ব্বাদ॥
ৰাম ৰাম। জাৰে কপাই হিয়া
ৰাম ৰাম। কিনো ৰঙ্গ চোৱা
ৰাম ৰাম। বস্ত্ৰ দি আবৰি আনা।