পৃষ্ঠা:নামতী-আই.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )

(৭) মঁৰললৈ সোমোৱা নাম।

  পাঁচ বৰণীয়া,
  পাচুটি টেকেলী,
ঐ ৰাম! ঘিলা বৰণীয়া পানী হে।
  আউদেউ সুধিলে,
  কৰা কি এ বুলি,
ঐ ৰাম! ডিব্ৰুনইৰে পানী হে।
  দুৱাৰ মেল দুৱৰি
  অৰ্জ্জুন কুৱৰী
ঐ ৰাম! দুৱাৰত ঘুনুছা জৰি হে।
  শিলৰ পাটে দুৱাৰ,
  মেলাগৈ ঘৰিণী,
ঐ ৰাম! কলসী ভিতৰে কৰো হে।
  গঙ্গাত জল মাগি,
  আনিছোঁ আইদেউ,
ঐ ৰাম! লোৱাহি মাথা দোঁৱাই হে।


(৮) নোৱনি ঘৰলৈ যোৱা নাম

ওলাই আহা আইদেৱে
মাটিত মঙ্গল চাই।
গণকে গণিতা কৰে
ক্ষণ চৰি যায়॥