পৃষ্ঠা:নামতী-আই.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )

নুঠিবা নাৱত ৰাধা, কানাইৰ ভগা নাওঁ।
ক’ত থবা দধি ভাণ্ড, ক’ত থবা পাও॥
যমুনাৰ ঢৌ দেখি, ৰাধাৰ কঁপে হিয়া।
ঘাটে নাওঁ চপাই দিয়া অ! বিনন্দিয়া॥
ইফালৰে চাক নৈয়া, সিফালৰে ঢৌ।
তামৰ কলসী ৰাধা, ভৰিল নে নৌ॥
জললৈ নেনামে টেঙ্গৰী যশোদা
  নাগে হৰি নিয়ে বুলি এ
  জল এৰি দিয়া হৰি এ
  লই যাওঁ কলসী ভৰি এ

(৫) পানী তুলি ওভতি আহোঁতে গোৱা না

জয়! গঙ্গাত জল মাগি,
জয়! কি মায়া দেখিলা,
জয়! ৰৈ বসুদেৱে শোধে
জয়! জল ভৰি যশোদা,
জয়! পাছলৈ নেচাবা,
জয়! সাগৰ আহিব ভাগি।
জয়! সাগৰো ভাগিব,
জয়! জগৰো লাগিব,
জয়! লোকৰ ধৰমীয়া বিয়া।
জয়! গঙ্গাত জল মাগি,
জয়! আনিছোঁ আইটী,
জয়! লোৱাহি আঁচলে পাতি।