এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গঙ্গাৰ নাম
⸻
গঙ্গা দৰশনে চল আগমনে
দাৰিদ্ৰ দুখুনী লোকে
উদাৰ হৈবন্ত অনাথিনী লোক
গঙ্গা ভাগীৰথীৰ পদে॥
গঙ্গা গঙ্গা ৰাণী বোলে সবে প্ৰাণী
তাৰো পাপ হৰি হৰি
উদ্ধাৰ হৈবন্ত অনাথিনী লোক
গঙ্গা ভাগীৰথীৰ পদে॥
গোমুখী গঙ্গা উত্তৰ বাহিনী
মুনীবৰ আনন্দিনী
তপস্যাৰ বলে ভগীৰথ নমালে
পাপী উদ্ধাৰ হওক বুলি।
গঙ্গাৰ মধ্যেতে পদ্ম ফুলি আছে
আৰুে পৰিষদে বেৰি,
হিমে হিমে কৰি অমৃত বৰষিছে
যাইবা কোন মতে এৰি॥