এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
আই সবাহৰ নাম
আইৰ আগত জ্বলি আছে তামুলি হেন তৰা
- দুখীয়ালৈ পেলাই দিছে গুচি ফুলৰ মালা॥
আই আহিল নুধুপিলে গৃহতে জঞ্জাল
আমি আইক নেদেখিলে অভাগীৰ কপাল॥
গধুলিতে আই আহে পদূলিলৈ চাই
মহামায়া আই আহে সোনৰ বংশী বাই॥
গধুলিতে পদূলিতে লগাই থৈছো বাতি
নে জানো কৰুণা মই আহে কোন ৰাতি॥
চহৰ ফুৰি আই আহে হাতত কমল ফুল
আইৰ পাতৰ চাতি মাৰি হৃদয় কৰা জুৰ॥
থুপি থুপি নেমুটেঙ্গা ভৰি আছে দাল
আই আগত বটা দিছে দেখিবলৈ ভাল॥
দ’ল খহিল বালি পেলাই এ কলচি নমাই
আমাৰ গাত কিবা হব ৰাখা হে গোঁসাই॥