এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫
—নামতি—
সেইযে কাপোৰ ৰাধাক পিন্ধাওঁ⸺(হৰি এ নাৰায়ণ }
ৰাধিকাই সহিতে কেলি খেলাওঁ⸺ ঐ
সকলো ৰায়তে কান পাতি শুনা⸺ ঐ
ইয়াক বোলয় কৃষ্ণৰ জুনা⸺ ঐ
⸻⸻
(৩)
আমাৰ কৃষ্ণাইকে অক্ৰূৰে লৈয়া গ’ল
আহা পাছতে যাওঁ;
কমল লোচন বদন মোহন
কিবা সমিধানে পাওঁ।
আমাৰ কষ্ণাইকে অক্ৰূৰে লৈয়া গ'ল
কি লাগি জীৱনে ধৰোঁ;
আহা সখি সৱে কৃষ্ণৰে বিৰহে
জলে জাম্প দিয়া মৰোঁ।
যমুনা তীৰতে গোপী নাম ললে
মণ্ডলি আকাৰ কৰি;
যদি দয়া আছে ওলাই দেখা দিয়া।
গোপী প্ৰাণ-ধন হৰি।
যমুনা তীৰতে গোপিকা সকলে
হৰিৰ গুণ কথা কয়;