মগ্ন ভৈল মােৰ চিত্ত॥ ৬৯ ॥ তুমি শুদ্ধ বুদ্ধি নিত্য, নির্ম্মল
নিৰ্গুণ দেৱ, মােৰ প্ৰভু নাৰায়ণ এ, স্বরূপ আনন্দে সদা
সুখী। হৰি হৰি তুমি নিজানন্দে সদা সুখী। আমি মূঢ়মতি
ঘােৰ, অবিদ্যা সাগৰে মজি, মােৰ প্ৰভু নাৰায়ণ এ, তােমাক
ন জানি ভৈলো দুঃখী। হৰি হৰি স্বরূপ ন জানি ভৈলো
দুঃখী হৰিএ ॥৭০॥ অখণ্ডিত সদা শুদ্ধ, চৈতন্য শক্তি বলে,
মােৰ প্ৰভু নাৰায়ণ এ, তুমি দূৰ কৰি আচা মায়া । হৰি হৰি
তােমাৰ নিকটে নাহি মায়া। তােমাক ন ভজোঁ পদে,
মায়াযে মুহিলে মােক, মােৰ প্ৰভু নাৰায়ণএ, আবে কৃপা-
ময় কৰা দায়া। হৰি হৰি মায়াক নিবাৰি কৰা দায়া
হৰিএ ॥ ৭১ ॥ দৈবকী নন্দন দেৱ দৈবকী নন্দন দেৱ,
দীনবন্ধু দামােদৰএ, হৰি হৰি চৰণে উদ্ধাৰ কৰা মােক ।
প্রাণ বন্ধু ইবাৰ নেড়িবা হৰি মোক । ভকতি মিনতি স্তুতি,
প্রণতি ন জানাে মই, দীন বন্ধু দামােদৰ এ, হৰি হৰি আবে-
মোৰ কেন গতি হােক। প্রাণ বন্ধু মােৰ মন তােমাত
ৰহােক হৰি এ॥ ৭২ ॥ হে কৃষ্ণ তুমি নিজ, আত্মা প্রিয়তম
গুরু, মোৰ প্ৰভু নাৰায়ণ, পৰম ঈশ্বৰ ভয়হাৰী। হৰি হৰি
তুমি ইষ্টদেৱ ভয়হাৰী। এতেকে জানিয়া তযু, চৰণে শৰণ
লৈলোঁ, মােৰ প্ৰভু নাৰাযণ এ, ন চাড়িবা ইবাৰ মুৰাৰি।
হৰি হৰি লৈয়ে মােক মায়াক নিবাৰি হৰিএ ॥৭৩ ॥ মনুষ্য
যোনির কর্ম্মে, নিঃশেষ যােনিত ফুরি দীনবন্ধু দামােদরএ,
হৰি হৰি বাৰে বাৰে ভুঞ্জিলোঁ অপাৰ। দীনবন্ধু, কতবা
ভুঞ্জিলোঁ নাহি পাৰ। ইবেলি তােমাৰ দুই, চৰণে শৰণ
পৃষ্ঠা:নামঘোষা.djvu/৭৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭১ ]