[2]
গাইয়া নাচে॥৭॥ সকল নিগম লতা, তাৰ অবিনাশী ফল,
কৃষ্ণনাম চৈতন্য স্বরূপ। সুমধুৰ সুমঙ্গল, শ্ৰদ্ধায়ে হেলায়ে
লৈয়া, নৰমাত্ৰ তৰে ভৱকূপ॥ ৮॥ যিতোজনে কৃষ্ণকথা,
বিচাৰ সময়ে মনে, ধৈৰ্য্য ধৰি ক্ষণেক থাকয়। যত তীৰ্থ স্নান
দান, দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়॥ ৯॥
যাৰ পুত্ৰ সবে ঐত, হৰিত শৰণ লৈয়া, হৰিগুণ গাৱে শুদ্ধ-
ভাৱে। দধি দুগ্ধ ঘৃত মধু, নদীৰ জলক পীয়া, পিতৃগণে
তৃপিতিক পাৱে॥ ১০॥ সেহি সে সকল শাস্ত্ৰ, পঢ়িলে
শুনিলে সিসি, অনুষ্ঠান সকলে কৰিল। নিৰাশা ঈশ্বর কৃষ্ণ,
তাহাঙ্ক সমুখ ভৈল, আশাক যিজনে পিঠি দিল॥ ১১॥
অপবিত্ৰ যিতো অতি, পবিত্ৰ হোৱেবা যদি, সমস্ত অবস্থা
আছে পায়া। কমললোচন যিতো, সুমৰ তাৰেসে শুদ্ধ,
বাহিৰে ভিতৰ হোৱে কাযা॥ ১২॥ সেহিেসে চতুৰ সিতো,
পুণ্যৰ নিদান ভূত, নাৰায়ণ নামক সুমৰে। অচতুৰ সিসি
অতি, পাপৰ নিদান ভূত, নামে অৰ্থবাদ যিতো কৰে
॥১৩॥ মহেশে বোলন্ত মোৰ, ৰকাৰাদি নাম শুনি,
পৰম প্ৰসন্ন হোৱে মন। শুনিয়ো পাৰ্ব্বতী মই, মনত
শঙ্কৰো ৰঙ্গে, ৰাম বুলিবেক ইতোজন॥ ১৪॥ কৰ্ণপথে
ভকতৰ, হিয়াত প্ৰবেশি হৰি, দুৰ্ব্বাসনা হৰা সমস্তয়।
জলৰ যতেক মল, যেহেন শৰতকালে স্বভাবত নিৰ্ম্মল
ক'ৰয়॥ ১৫॥ হুযাদেৱ দিগম্বৰ, ভস্মে বিভূষিত, অঙ্গ,
শিৰত ধৰিয়া জটাভাৰ। মহেশো সেৱন্ত যাক, হেন হৰি
বিনে আন, কোন শ্ৰেষ্ঠ ‘দেৱ আছে আৰ॥ ১৬॥ ব্ৰহ্মা