পাছে হৰি নামে খেদে, একো ব্রহ্মাণ্ডত স্থান নেদে, মহা
মহা পাতকৰ গৰ্ব্ব ভৈল দূৰ। এবে কৈক যাইবো বুলি
ডৰি, কাম্পে পাপ সব তৰতৰি, হৰি নামে পাই দহি কৰি-
লেক চুৰ॥ ৬৫ ॥ নামে পুরুষক শুদ্ধ কৰি, ৰৈল নাম তাতে
ভৰি পূৰি, ধৰ্ম্মময় তনু ভৈ গৈল হৰি ভকত। হৰিৰ
করুণা ভৈল তাক, উচ্চ কৰি দিয়া হৰি ডাক, পৰম
সন্তোষে নাচে আতি আনন্দত ॥ ৬৬ ॥ শুদ্ধে বা অশুদ্ধে
এক নাম, শুনে বা ভণে বা মনে স্মৰে, অপৰাধ হীন পুরু-
ষক সদ্যে তাৰে দেহ ধন জন অর্থ লােভে, পাষণ্ড বুদ্ধিয়ে
যিতো লৱে, সিতো হৰি নামে তাৰিতে শীঘ্ৰে ন পাৰে ॥ ৬৭ ॥
স্তুতি॥ বসুদেৱ নিগদতি হাসি, সাক্ষাতে বিদিত ভৈলা
আসি, তুমিসে পুরুষ প্রকৃতিতো কৰি পৰ। সমস্ত জীৱৰ
বুদ্ধি সাক্ষী, কেৱল আনন্দ অনুভৱ, স্বরূপ সুখৰ সাগৰ দেৱ
ঈশ্বৰ॥ ৬৮ ॥ হে কৃষ্ণ যত জীৱ নিত, তিনি তাপে হুয়া
সন্তাপিত, দুর্ঘোৰ সংসাৰ তাপত পড়ি আচয়। তযু পদ
শ্বেত ছত্র প্রায়, অমৃত বৰিসে সর্ব্বদায়, আৰ ছাযা বিনে
নেদেখোঁ তাৰ আশ্ৰয় ॥ ৬৯॥ বলি নিগদতি যদুপতি, ৰাম
ৰাম ৰাম ৰাম ৰাম, কিনো কৃপা মােক কৰিলাহা নাৰায়ণ।
দেবৰো দুৰ্ল্লভ অতিশয়, ৰাম ৰাম ৰাম ৰাম ৰাম, গৃহেতে
থাকিয়া দেখিলোঁ তযু চৰণ ॥ ৭ ॥
প্রার্থনা॥ শােক মােহ মহা পঙ্ক মাঝে, অৰ্জ্জুন মগন ভৈল দেখি, পৰম ঈশ্বৰ দেৱতা নন্দ-নন্দন। কৃপায়ে ঈশ্বৰে তত্ত্ব কহি, উদ্ধাৰিলা নিজ ভকতক, হেন ঈশ্বৰৰ .