পঙ্কজত পৰি নিৰন্তৰে, পৰম আনন্দে ভকত ভ্ৰমৰ ঝাকে।
কৃঞ্চ যশ ৰস মধু পানে, মত্ত হুয়া আতি সাৱধানে, ৰাম নাম
ৰাজ হংস ৰাৱ শুনি থাকে॥ ৫৮॥ একান্তিক মহা মুনি
যত,নিবৰ্ত্তিযা বিধি নিষেধত, নিৰ্গুণ ভাৰত স্থিতি হুয়া
নিৰন্তৰে। জানি পুরুষাৰ্থ সাৰ তত্ত্ব, কথামৃত সাগৰত,
কথনে মথনে সদাযে ৰমণ কৰে॥ ৫৯॥ হৰিৰ গুণৰ
দেখা বল, লভিবেক যিতো মোক্ষ ফল, তাহা সবৰো
মনক আনয় টানি। এতেকে নিপুণ জিতো জন, কৃষ্ণৰ
চৰণে দিয়া মন, হৰিৰ গুণক ন চাড়িবা সাৰ জানি॥ ৬০॥
শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত, তথাপি
উত্তমশ্লোকেৰ মহিমা গুণে। কৰিলেক মোৰ বশ্য চিত্ত,
ভাগৱত গ্ৰন্থ বিপৰীত, পৰম আনন্দে পঢ়িলো মই
আপুনে॥ ৬১॥ তোমাত কহিব সেহি শাস্ত্ৰ, তুমি আক
শুনিবাৰ পাত্ৰ, মহা পুরুষৰ সেৱক তুমি সম্প্ৰতি। ই শাস্ত্ৰত
শ্ৰদ্ধামাত্ৰকত, মুকুন্দৰ পাদ পঙ্কজুত, অতি শীঘ্ৰে তাৰ
হোৱে জানা সতী মতি॥ ৬২॥ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু,
অনন্ত বিচিত্ৰ কৰ্ম্ম হৰি, কৰা যিতো তাক গাৱে শুনে
প্ৰশংসয়। অপবৰ্গ দাতা ভগৱন্ত, তাহান চৰণ পঙ্কজত,
তিনিৰো নিশ্চয় উত্তম ভক্তি হোৱয॥ ৬৩॥
নাম মহিমা॥ হৰি কীৰ্ত্তনৰ তাপ লাগি, পলাই পাপ দশ দিশে ভাগি, হেৰা পাইলে বুলি ভয়ত ভিড়ি লবড়ে। ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই, আৰ ব্ৰহ্মাণ্ড পলাই যাই, নামে খেদি নেন্ত ব্ৰহ্মাণ্ডোপৰি বাগড়ে॥ ৬৪॥ পাছে .