[ ৩৮ ]
নাৰায়ণ পৰ॥ ২২৬ ॥ ঘােৰ কলি যুগে, পাইল সৰ্ব্ব ধর্ম, বর্জ্জিত ভৈল নিশ্চয়। নাৰায়ণ পৰ, ভৈলে কৃত কৃত্য, হােৱয় নাহি সংশয় ॥ ২২৭। হৰি গুণ নাম কীর্ত্তনে কলিৰ, কল্মষ কৰি বিনাশ। অনায়াসে ঘােৰ, সংসাৰ তৰিয়া, পাৱষ হৰিৰ পাশ ॥ ২২৮॥ সমস্ত শাস্ত্ৰৰ, পৰম নির্ণীত, হৰি গুণ নাম মাত্র। কলিৰ পৰম, মলিন মনুষ্য, সি ধৰ্মৰ ভৈল পাত্র॥ ২২৯॥ কলিৰ লােকক, পৰম কৃপালু, কৃষ্ণে কৰিলন্ত দয়া। মােৰ গুণ নাম, গায়া মহা সুখে, তৰােক দুস্তৰ মায়া॥ ২৩০॥কলিৰ মনুষ্য, ভৈল ভাগ্যহীন, পাপ সাগৰত মজি। হেন পাপী সবো, কৃষ্ণ গুণ গাযা, তৰয় কৃষ্ণক ভজি ৷৷ ২৩১॥ কলিৰ লােকৰ যি ভাগ্য মিলিল, কহিষা, অন্ত নপাই। নিৰন্তৰে লােক, নাৰায়ণ পৰ, হােৱে হৰি, গুণ গাই ॥ ২৩২॥ মুকুত কোটীৰ, মাঝত দুর্ল্লভ, জানা নাৰায়ণ পৰ। কলি যুগে হেন, নাৰায়ণ পৰ, হৈবে লোক নিৰন্তৰ॥ ২৩৩॥ কলিত হৰিৰ, কীৰ্ত্ত- নত সুখে, সৰ্ব্ব পুরুষাৰ্থ পাই। হৰিৰ কীৰ্ত্তন, বিনাই কলিত, আন মহা লাভ নাই॥ ২৩৪ ॥কলিৰ মলত, মজিলোঁ গোবিন্দ, গতি মােৰ নাহি আন। নামত, কৰিলোঁ আশ্রয়, জানিয়া, ধৰ্ম্ম প্রধান॥ ২৩৫॥ চৈতন্য আদিত্য, হৃদয় আকাশে, সৰ্ব্বদায়ে প্রকাশয় । উদয়াস্ত নাই, সন্ধ্যা উপাসনা, কৰিবো কোন সময ॥১৩৬॥ যিহেতু গােবিন্দ, নিজ যশ প্রিয়, ভকত বৎসল হৰি। সিহেতু সদায়ে, নাম গুণ শুনি, খাকন্ত অনন্দ কৰি॥২৩৭॥