পৃষ্ঠা:নামঘোষা.djvu/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৬ ) কৰিয়ােক, তুয়া পদে কৰোহে। গোহাৰি ॥১৩৬; সহস্র সহস্র আতি, অপৰাধ দিনে ৰাতি, কৰে। মই মহামূঢ় জন । আমি প্রভু তযু দাস, আকে মানি জগবাস, ক্ষমিয়ােক শ্রীমধুসূদন। ১৩৭ ॥ ধৰ্মক জানােহো মই, তথাপি প্রবৃতি নাই, অধৰ্ম্মতো নিবৃত্তি নেহয়। হৃদি স্থিতি হুয়া তুমি, যেন কৰবাহ স্বামী, হৃষীকেশ কৰিবে। তেনয়। ১৩৮। নজানােহে আবাহন, মজানােহে। বিসর্জন, পূজা মন্ত্র নজানে কিঞ্চিত। এতেকে পৰমেশ্বৰ, দাস ভৈলো চৰণৰ, মােৰ গতি সাধিবে উচিত। ১৩৯। নামান্বয় ॥ কৃষ্ণু হেন শব্দ ইতো, পৃথিবী বাচক ভৈল, ণ আনন্দত প্ৰবৰ্ত্তয়। দুই এক পদ ভৈলে, পৰমব্রহ্ম রূপ ‘কৃষ্ণ, নাম আনলক মাত্র কয় । ১৪। ঈশ্বৰৰ পদ সেবা, কম্ভে জীবৰ যত, কৃষতা গুচয় নিৰন্তৰ। এহি হেতুতে সে জানা, ঈশ্বৰক বুলি কৃষ্ণ, প্রসিদ্ধ অন্বয় মনােহৰ ১৪১। নিৰন্তৰে নিজানন্দ, সুখ পৰিপূৰ্ণ রূপ, অখণ্ড আনন্দ মুগুচয়। এতেকে সে সদানন্দ, নিত্যানন্দ নাম ইতো, ঈশ্বৰক বুলিব নিশ্চয়। ১৪২। ক ইশ পদে, ব্ৰহ্ম। বিষ্ণু মহেশ্বৰ, প্রতি প্রতি তিনি অন্বয়। ব পদে নাৰাষণে, তিনিকে। আচয় চান্দি, এহি হেতু কেশব । বােলয়। ১৪৩ | ঈশ্বৰ কৃষ্ণৰ পদ, সেন্তে জীৰৰ চ্যুতি, গুচয় সংসাৰ অভূত। এহি হেতুতে সে জানা, যতেক মহন্ত সবে, ঈশ্বৰক বােলয় অচ্যুত ॥ ১৪৪ ঈশ্বৰ কৃষ্ণৰ পদ, জিয়া অধম সেবাে, অতিশয় হোৱয় উত্তম। এহি হেতুতেসে জানা, লােকত প্রসিদ্ধ ভৈল, ঈশ্বৰ নাম নৰা-