[ ১৫ ] বিধিৰ কিঙ্কৰ গুচি, কৰে সদা শ্রবণ কীর্তন। ১২৭ ভৰত ৰৰ দ্বীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহা ৰত্ন সাৰ। হেনয় বাণিজ পাই, যিতো জনে নকৰয়, তাত পৰে দুঃখী নাহি আৰ। ১২৮ ॥ প্রার্থনা। তুমি চিত্তবৃত্তি মােৰ, প্ৰব- ত্তক নাৰায়ণ, তুমি নাথ মই নাথৱন্ত। চৰণ ছত্ৰৰ ছায়া, দিয়া দূৰ কৰা মায়া, কৰা দয়া মােক ভগৱন্ত। ১২৯ তুমি মােৰ অন্তৰ্যামী, তযু ভৃত্য ভৈলো আমি, জানি কৃপা কৰা হৃষীকেশ ও দন্তে তৃণ তুলি লও, যিমতে সেবাত ৰও, দিয়া মােক সেহি উপদেশ । ১৩০ তুমি ভক্ত কল্পতরু, বাহিৰে ভিতৰে গুরু, তুমি বিনে নাহি মােৰ আৰ। কৃপা কৰা হে হৰি, চৰণত ৰক্ষা কৰি, দিয়া মােক সেৱা ৰস সাৰ। ১৩১ তুমি হৰি কৃপাময়, বাহিৰত গুরু রূপে, অনুগ্ৰহ কৰি আছ মােক। অন্তর্যামী গুরু রূপে, তাকে সত্য কৰা মােৰ, ভযু নামে সদা ৰহি হােক। ১৩২। হে কৃষ্ণ হে বাসুদেৱ, দৈবকীনন্দন হৱি, নমাে নন্দ পােপৰ কুমাৰ। কৃপাময় গােবিল, তযু পদ অৰবিন্দ, কৰে। মই লক্ষ নম- স্কাৰ। ১৩৩! পদ্মসম নাভি যাৰ, প্ৰামােহে বাৰম্বাৰ, নমে দিব্য পদ্মমালা ধাৰী। নমাে পদ্মসম নেত্র, পদ যাৰ শত পত্র, নমো ভকতৰ ভয়হাৰী ১৩৪ বসুদে সুত কৃষ্ণ, তুমি ভকতৰ ইষ্ট, কংস চানুৰাদি বিমর্দন। দৈবকী হৃদয় নন্দ; জগতৰ গুরু কৃষ্ণ, তযু পাৱে কৰোহে বন্দন ১৩৫ । মােৰ সম পাপী লােক, নাহিকে ইতিনি লোক, তুমি সম নাহি পাপ হাৰী। ইজানি গােবিন্দ মােক, যেন জুয়াই
পৃষ্ঠা:নামঘোষা.djvu/২০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই