চৰণে ॥৭১॥ তোমাৰ সে অবিদ্যায়ে, আমাক মুহিলে হৰি, ন জানােহো তোমাৰ তত্ত্বক। তোমাৰ চৰণে হৰি, শৰণ পশিয়া সাৰ, কৰিলোঁহোঁ তােমাৰ নামক॥৭২॥ হে কৃষ্ণ তুমি মাত্র, চৈতন্য স্বরূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আৱৰ যতেক ইতো, তােমাৰ বিনোদ রূপ, চৰাচৰ মায়াৰ কল্পিত॥ ৭৩ ॥ তযুগুণ মান হৰি, কেৱল নিৰ্গুণ মাত্র, আৱৰ সমস্তে গুণময়। এতেকে জানিয়া হৰি, তােমাৰ নামক মাত্র, কৰিলোঁহোঁ সার কৃপাময় ॥ ৭৪॥ কৃষ্ণ পদ পঙ্কজর, সেৱাৰ মহিমা কথা, শুনি বড় আনন্দ মিলয়। যাৰ ভকতৰ সঙ্গে, সৰ্ব্ব পুরুষার্থ শিরে, চরি অতি কৌতুক কৰয় ॥ ৭৫॥ যদি ভৱভয সঙ্গ, মনে ইচ্ছা কৰ ভাই, সাধুসঙ্গ সদা কৰ সাৰ। একক্ষণ মানে মাত্র, কেৱল সাধুৰ সঙ্গ, হােৱে নাৱ ভৱ তৰিবাৰ॥ ৭৬ ॥ হৰি কীৰ্ত্তনৰ মহা, আনন্দ সুখক আশে, কতো কতাে সব মহাজনে। মুকুতি সুখকো তেজি, মহন্ত জনৰ সঙ্গ, খােজে অতি কৃষ্ণৰ চৰণে ॥ ৭৭ ॥ কিন্তু ইতো মহাধৰ্ম্ম, মাধৱৰ জন্ম কৰ্ম্ম, বেদে যাৰ না জানে মহিমা। হৰি নাম কীর্ত্তনত, মিলে মােক্ষ আদি যত, কীৰ্ত্তন সুখৰ নাহি সীমা ॥ ৭৮ ॥ মধুৰৰো সুমধুৰ, হৰিৰ কীৰ্ত্তন ৰস, মঙ্গলৰো পৰম মঙ্গল। এতেকে সে মুকুতিকো, তেজি হৰিগুণ গায়া, ফুৰে মহা মহন্ত সকল ॥৭৯॥ পৰম নিপুণ সবো, বুঝিয়া শাস্ত্ৰৰ তত্ত্ব, হৰি পদ পঙ্কজে ভজিয়া। হৰি কীৰ্ত্তনৰ মহা, নিৰ্ভৰ আনন্দে মজি, থাকে সুখে মুকুতি তেজিয়া ॥ ৮০ ॥ গোবিন্দৰ নাম গুণ, কীৰ্ত্তন কৰন্তে জানা,
পৃষ্ঠা:নামঘোষা.djvu/১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে