[৭]| নাৰ মহত্ত্ব বাখানি।। ৫৩।। শঙ্কৰে সংশয় ছেদি, শাস্ত্র ত্বক ভেদি, প্রচাৰিলা কৃষ্ণৰ ভকতি। তাঙ্ক এড়ি কিকা- ৰণে, আনক বোলয় গুৰু, কিনো লােক মহামূঢ়মতি। ।।৫৪।। নজানে শাস্ত্ৰৰ লয়, যেহি আসে, তাকে কয়, ছেদিবাক নপাৰে সংশয়। গুক বােলাই তথাপিত, ফুৰিয়া লােকৰ মাঝে, মান সতকাৰ খুজিলয়।। ৫৫।। বচনে কেৱল মাত্র, হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয় । জানিবাহা কদাচিতাে, সিদ্ধি সিতাে নলয়, হৰি তাৰ সন্তোষ নোহয় ।।৫৬।। আগম নিগম তর্ক, পুৰাণ ভাৰতযত, ইতিহাস তন্ত্র মন্ত্র চয়। হে হৰি তােমাতে সে, খেলাৱে কেৱল বাদ, তােমাৰ তত্ত্বক নানয়৷।৫৭।। ঐশ্বৰ্য্য ভােগৰ মদ, মত্ত হুয়া ঈশ্বৰত, পৰাঙ্মুখ ভৈল যিতাে জন। যেন জীর্ণ গাই অতি, দুৰ্ঘোৰ সংসাৰ মহা, পঙ্কে পভি হোৱয় মগন ।। ৫৮।। হৰি নাম ধ্বজ কৰি, বেদ পথ পৰিহৰি ফুৰে অতি পাষণ্ড সকল। ইহপৰলোক ভ্রষ্ট, হুয়া পেট পুষি মাত্র, ফুৰিবেক পৰম নিষখল। ।।৫৯।। হে ভগবন্ত গুরু, তযু পদে মন মােৰ, যিকালত স্থিতিক লভয়। তােমাৰ কৃপাত তেবে, সকল সাধন শ্রম, এড়াই সুখী হুইবোঁহোঁ নিশ্চয়। ।।৬০।। হে প্রভু নৰহৰি, তােমাৰ চৰণ দুইক, প্ৰেমভাৱে স্মৰণদুর্লভ। যথা কথঞ্চিত রূপে,অহর্নিশে প্রভু মােৰ, সুমৰণ হউক সুলভ ॥৬১।।হে প্রাণবন্ধু কৃষ্ণ, কৃপাৰ সাগৰ হৰি, কৃপা দৃষ্টি চাহিয়ােক মােক। সহজ বাসনারূপে, শৰণ দিয়ােক নাথ, মােৰ অহঙ্কাৰ দূৰ হােক,।।৬২।। নমােৰাম কৃষ্ণ হৰি, নাৰায়ণ নিৰঞ্জন,
পৃষ্ঠা:নামঘোষা.djvu/১২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে