[ ৫ ]
পুৰুষৰ। হৰি বিনে পৰিত্ৰাণ, কৰ্ত্তা আৰ নাহি জানা,
ৰিপু নাহি সংসাৰত পৰ॥ ৩৫ ॥ লক্ষ্মীপতি ভগৱন্ত,
যাহাৰ প্ৰসন্ন ভৈল, তাহৰ দুৰ্ল্লভ কিছু নাই। নাৰায়ণ
পৰ ভৈলে, তথাপি কিঞ্চিতো আন, নবাঞ্চয় সেৱা সুখ
পাই॥ ৩৬॥ কৃষ্ণৰ হৃদয় চারু, লক্ষ্মীৰ নিবাস স্থান, মুখ নয়নৰ পানপাত্র । দিগপাল সমস্তৰ, আশ্রয় কৃষ্ণৰ বাহু,ভকতৰ পাদপদ্ম মাত্র ॥ ৩৭॥ পৰম ঈশ্বৰ দেৱ, কৃষ্ণক নপাই লাগ, তপ জপ যাগ যােগ দানে। একান্ত ভক্তৰ পদ, ৰেণু শুদ্ধচিত্তে মাথে, অভিষেক নকৰয মানে ॥ ৩৮॥
গ্রাম্য কথা বিনাশন, উত্তম শ্লোকৰ গুণ, প্রসবয় সাধুৰ
সঙ্গত ৷ তাক অনুদিনে িতো যিতো, সেৱে তাৰ সতী মতি,
হোৱে বাসুদেৱ চৰণত॥ ৩৯॥ সেহিসে দিনক ভাই,
দুর্দ্দিন বুলিয়া মানি, মেঘচ্ছন্ন নােহয দুর্দ্দিন। হৰি কথা অমৃ-
তৰ, সম্যকে আলাপ ৰসে, যিতো দিন হােৱয় বিহীন॥ ৪০॥
আত্মা ঈশ্বৰক লাগ, প্রতক্ষে সততে পাই, নপাই জানা তাঙ্ক
অবিদ্যাত। অবিদ্যা নশিলে লাগ, কৃষ্ণক পাৱয যেন,
কণ্ঠলগ্ন বস্তুক সাক্ষাত।৷ ৪১ ৷৷ নাৰায়ণ হেন ইতো, শবদ
আচন্ত মুখে, বশবর্ত্তি বচন আঁচয় । তথাপি অদ্ভুত কিনাে,
ঘােৰ নৰকত মজি, মলমতি মনুষ্য মৰয ৷৷ ৪২৷৷ তর্ক শাস্ত্র
মহাব্যাঘ্ৰী, তাহাৰ নিপুণ পতি, তাৰ শিষ্য় ভৈল পুত্ৰপ্ৰায় ।
সংসাৰ বনত পশি, পতি পুত্র সমন্বিতে, উপনিষৎ ধেনু পৰি
খায়।৷ ৪৩ ॥ সৰ্ব্বশ্রুতি শিৰােৰত্ন, ভাগৱত বনমাঝে,
হৰিনাম সিংহ প্রকাশয়! তাৰ মহা ধ্বনি শুনি, নিজ