পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
নল-দময়ন্তী।

বিকট আকাৰ ব্যাধ বেগে গৈলা খেদি।
দেখি সতী কন্যাৰ কম্পিবে লৈলা হৃদি॥
নুচুবি নুচুবি বুলি হুসকি চলিলা।
অভয়াক এক চিত্তে চিন্তিবে লাগিলা॥
শঙ্কটত পড়ি দেবী নেদেখি উপায়।
আকুল হুইয়া ভৈমী ডাকে অভয়ায়॥
দুৰ্গতী নাশিনী দুৰ্গা ৰাখাহা আমাকে।
কৃপা কৰি কৰা পাৰ দুৰ্ঘোৰ সংসাৰে॥
তোমা বিনে নাহি আই মোৰ আজি গতি।
ব্যাধৰ হাতত ৰক্ষা কৰা ভগৱতী॥
বাৰে বাৰে অৱতাৰ ধৰি পৃথিবীত।
অসুৰক বধি পালি আছাহা জগত॥
দুৰাচাৰ ব্য়াধে মোৰ ধৰ্ম্ম নষ্ট কৰে।
শৰণ লৈলোহো মাতৃ ৰাখাহা আমাধে॥
তোমাৰ চৰণে যদি থাকে মোৰ ৰতি।
যদ্যপি নলত মোৰ থাকয় ভকতি॥
সাক্ষী থাকা চন্দ্ৰ সূৰ্য্য় আৰু দেৱগণ।
বিনা দোষে ধৰ্ম্ম লঙ্ঘে ব্যাধৰ নন্দন॥
যদি সত্য হোৱে চন্দ্ৰ সূৰ্য্য দিবা ৰাতি।
যদি কদাচিতো হওঁ পতিব্ৰতা সতী॥
মোৰ শাপে ভস্ম হোক ব্যাধৰ তনয়।
অব্যৰ্থ সতীৰ বাক্য খণ্ডন নহয়॥