এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
নল-দময়ন্তী।
হেনকালে এক অজাগৰ, ফেট তুলি আতি ভয়ঙ্কৰ;
মুখ মেলি গিলিবাক ধায় শীঘ্ৰ কৰি॥
গ্ৰাসিবাক চলে কাল ফণী, দেখি কম্পি ভয়ে সুবদনী;
নিচুকি থাকিলা যেন চিত্ৰৰ পুতলা।
ভুজঙ্গে ধৰিয়া মাৰে খাই, ৰক্ষা কৰা মোক নল ৰাই;
পুত্ৰৱতী ভাৰ্য্যা তযু কাতৰে ডাকিল॥
সৰ্পে দংশে মোক নাহি খেদ, অন্তকালে মই ভৈলো ভেদ;
এহি চিন্তাতেসে আবে যাৱে মোৰ প্ৰাণ।
হেন কালে এক ব্যাধপুত, ধনু তীক্ষ্ণ শৰ কৰি যুত;
সৰ্পক টোৱাঁই এড়িলেক তীক্ষ্ণ বাণ॥
খণ্ড খণ্ড কৰি কাটি সাপ, বুলিলা কন্যা নকৰা তাপ;
স্থিৰ হোৱা নাহি সৰ্প ভয় আছো মই।
কাটিলো সৰ্পক দেখা তুমি, ভজা মোক আৰে সুবদনী;
লইয়া ঘৰক যাওঁ কান্ধত চড়াই॥
⸻:0:⸻
ব্যাধৰ প্ৰতি দময়ন্তীৰ শাপ।
ব্যাধ বোলে কিয় তুমি ভ্ৰমা অকাৰণে।
ঘৰক চলাহা মই ৰাখিবো যতনে॥
চৰণক সেবি মই হইবো কিঙ্কৰ।
যেৱে যিবা আজ্ঞা দিবা পালিবো সত্বৰ॥