এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
নল-দময়ন্তী।
শুনা দেৱতা পৱন, জগতৰ তুমি প্ৰাণ,
সৰ্ব্বস্থানে কৰা তুমি গতি॥
অধিনীক কৃপা কৰি দিয়া স্বামীৰ বাতৰি;
কৈক গৈলা প্ৰাণনাথ মোৰ।
শব্দবহ নাম তোৰ, মোৰ আত্তৰাৱ ঘোৰ;
লৈয়া যাহা পতিৰ কাশৰ॥
শুনা সভাসদ যত, কহো লেছাৰীৰ পদ;
পাছে ভৈমী যি কৰ্ম্ম কৰিলা।
এড়ি সৱে আন কাম, বোলা ডাকি ৰাম ৰাম;
যাৰ নামে পাপী উদ্ধাৰিলা॥
লেছাৰী।
ভীমৰ নন্দিনী সুবদনী, স্বামীৰ ৰূপক মনে গুণি;
বিনাইয়া হিয়া খুণ্ডি কান্দে বহুতৰ॥
কণ্টকে বিন্ধিয়া কৰে খুন, ক্ষণে কান্দে সতী ক্ষণে মৌন;
অন্বেষিয়া প্ৰাণপতি ফুৰে নিৰন্তৰ॥
উজুটী খাইয়া পৰে বনে, গাৱত ৰুধিৰ শ্ৰৱে ঘনে;
ক্ষণে অচেতন ক্ষণেকে হোৱে কাতৰ।
মুৰ্চ্চিতা দেবী পড়ি মাটীত, ধূলিৰে সৰ্ব্বাঙ্গ ধূসৰিত;
চেতন লভিয়া পুনঃ কৰে ধৰফৰ॥
কৈক গৈলা নাথ এড়ি মোক, তোমাৰ বিহনে পাওঁ শোক;
এহিবুলি দময়ন্তী কালে ভূমে পৰি।