পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
নল-দময়ন্তী।


এড়িয়া যাইব স্বামী ভয় কৰি মনে।
একখানি বস্ত্ৰক পিন্ধিলা দুয়ো জনে॥
বেগে চলিবাক নাৰে চলে ধীৰে ধীৰ।
তোক পিয়াসতে দোহে বিহবল শৰীৰ॥
বৃক্ষৰ তলত গৈয়া বসিল দুজনে।
অন্ন জল নাহি আৰু ভ্ৰমণ কাননে॥
অতি ক্লান্ত কলেৱৰ ভীম তনয়াৰ।
সিতান পাতিয়া ৰাজা উৰু আপোনাৰ॥
শুৱাইলা অতি যত্নে বৃক্ষৰ তলত।
ৰাজাক আঙ্কোলি ধৰি শুভিলা তহিত॥
একে সুকুমাৰী বহুদিন অনাহাৰ।
শোৱা মাত্ৰ নিদ্ৰা আসি লগ লৈলা তাৰ॥
দুগ্ধফেন তুল্য যাৰ শয্যা সুকুমল।
দাসীয়ে সেৱয় যাৰ চৰণ কমল॥
সোণৰ বিছনী বাৱে শৰীৰ জুৰায়।
তথাপিতো যি জনীৰ নিদ্ৰা না আসয়॥
আবে বৃক্ষ তলে পড়ি ভৈলা অচেতন।
হায়! হায়! কিনো বিধি ভৈলা নিদাৰুণ॥

⸻:0:⸻

দময়ন্তীক এড়ি নলৰ গমন।

পদ। শৰীৰ অস্থিৰ নল শোক সন্তাপতে।
 নিদ্ৰা নাই বসি ৰাজা গুণিলা মনতে॥