পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
নল-দময়ন্তী।


ৰাণী বোলে যদি মোক ত্যাগ নকৰিবা।
বিদৰ্ভৰ পথ মোক কিয় দেখাইবা॥
এহিসে কাৰণে মোৰ চিন্তা মুক্ত মন।
তুমি এড়ি গৈলে মোৰ নিশ্চয়ে মৰণ॥
এক কথা কহো মই শুনাহে ৰাজন।
বিদৰ্ভ নগৰে চলি যাওঁ দুইজন॥
তোমাক দেখিলে পিতা হইবে হৰষিত।
পূজিবেক দেৱ তুল্য কৰি যথোচিত॥
নল বোলে চন্দ্ৰমুখী নোহে ইসময়।
এই বেশে মিত্ৰ গৃহে যাইবে নলাগয়॥
আপুনি জানাহা তুমি স্বয়ম্বৰ কালে।
শ্বশুৰৰ ঘৰে গৈলো চতুৰঙ্গ দলে॥
আবে এই বেশে গৈলে হাসিবেক মোক।
শত্ৰুগণে হাসিবেক বন্ধু পাইবে শোক॥
গৰম বন্ধুৰ ঘৰে দৰিদ্ৰ যদি যাৱে।
নিশ্চয় জানিবা তাৰ মান হানি হোৱে॥
অনাহাৰে তপ মই কৰিবো কাননে।
তথাপিতো বন্ধু গৃহে নযাইবো কখনে॥
বাৰম্বাৰ দময়ন্তী অনেক কহিলা।
তথাপিও নল ৰাজা তাক নুশুনিলা॥
যেই শাৰীখন ৰাণী পিন্ধিয়া আছিলা।
সেই বস্ত্ৰ দুয়ো জনে পাৰবীন কেলা॥