পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
নল-দময়ন্তী।


কপালৰ যিবা আঁক,  কোনে খণ্ডিবেক তাক;
 অনুমতি দিলো আসা বনে॥
পুষ্কৰৰ আজ্ঞা পাই,  ভিক্ষা কেহোঁ নাহি দেয়;
 তোক পীয়াসতে দগ্ধ কায়া।
কিনো বিধতাৰ ৰাজী,  পৃথিবীৰ ৰাজা আজি;
 ভিক্ষা বিনে মৰে শুকাইয়া॥
যিবা ভাগ্য পুৰুষৰ,  আৰু চৰিত্ৰ তিৰীৰ;
 বুঝিবাক নপাৰে দেৱতা।
বিধি ভৈলা বাম যাৰ,  মহা কষ্ট হোৱে তাৰ;
 ঈশ্বৰৰ বিনে নাহি ত্ৰাতা॥
অনিত্য সংসাৰ ৰস,  নহবা তাহাত বশ,
  দেহা আজি আছে কালি নাই।
দ্বিজ পূৰ্ণকান্তে কয়,  হৃদি চিন্তি দয়াময়;
  ৰাম নাম বিনে গতি নাই॥

⸻:0:⸻

নলৰ বনলৈ গমন।

পদ। ভাৰ্য্য়াক সঙ্গত লই নল মহামতি।
 লাজে অভিমানে দুঃখে বনে কৈলা গতি॥
 পৃথিবীত একছত্ৰী ৰাজা যেই ছিলা।
 দৈবৰ নিৰ্ব্বদ্ধে তাৰ ভিক্ষা নিমিলিলা॥