পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
নল দময়ন্তী।


নদী তীৰে গৈয়া ৰাজা জল পান কৰি।
অৰণ্যত প্ৰবেশ কৰিলা ধীৰি ধীৰি॥
ৰথচক্ৰ নয় জানা ইসংসাৰ গতি।
সুখ দুঃখ ভুঞ্জে নৰ নাহিকে নিষ্কৃতি॥
আজি আছে কালি নাই ঐশ্বৰ্য্য বিভুতি।
সাক্ষাতে দেখাহা নল নৈষধৰ পতি॥
সম্পদৰ বন্ধু আসি হোৱে বহুজন।
বিপদৰ বন্ধু মাত্ৰ হোৱে ধৰ্ম্ম ধন॥
পূৰ্ণকান্তে বোলে ভাই সংসাৰ অসাৰ।
এতেকে নেড়াহা ধৰ্ম্ম কহো সাৰে সাৰ॥

⸻:0:⸻

দময়ন্তীৰ বন গমন।
ছবি।

দময়ন্তী লগে যায়,  দেখি বোলে নল যায়,
 শুনা প্ৰাণেশ্বৰী মোৰ বাক।
একেতো দুৰ্গম বন,  বাধ ভালুকৰ স্থান,
 আছে নানা বন্য জন্তু ঝাক॥
কোন কাৰ্য্যে যাইবা তুমি,  আগে প্ৰিয়া চোৱা গমি
 গৃহে থাকা সুখ ভোগ কৰি।
গৃহত নেথাকা যদি,  বাপৰ ভৱনে গতি;
 কৰা প্ৰাণেশ্বৰী শীঘ্ৰ কৰি।