পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
নল-দময়ন্তী।


শুনা মহামতি নল জামাতা আমাৰ।
আজি ধৰি দময়ন্তী দাসী ভৈল তোৰ॥
তোৰ চৰণত আঙ্ক কৈলো সমৰ্পণ।
বহু দোষ ক্ষমি তাত কৰিবা পালন॥
আলসুৱা কন্যা মোৰ নোহয় চতুৰ।
মোৰ মুখ চাহি দোষ ক্ষেমিবা ইহাৰ।
হেনমতে বহুতৰ বোলে ভীমৰায়।
শোকে গদ্ গদ্ হিয়া লোহ বহিযায়॥
ৰাজমন্ত্ৰী প্ৰতি ৰাজা বুলিলা বচন।
যৌতুকৰ দ্ৰব্য তুমি আনা এতিক্ষণ॥
সহস্ৰেক হস্তী আনা সাজ সমন্ধিতে।
তযুতেক ঘোড়া আবে আনাহা ত্বৰিতে॥
সালঙ্কৃতা সহস্ৰেক দাসী দিবে লাগে।
গৰু মহ পালে ২ আনা মোৰ আগে॥
আনো ধন ৰত্ন যত আছয় ভণ্ডাৰে।
অৰ্দ্ধ ভাগ কৰি তুমি আনাহা সম্বৰে॥
অৰ্দ্ধ ৰাজ্য দিবো মই দমইৰ যৌতুকে।
শুনি মন্ত্ৰী চলি গৈলা পৰম কৌতুকে॥
হাতী ঘোড়া ৰথ দাস দাসী অগণন।
হীৰা মৰকত আৰু প্ৰবাল কাঞ্চন॥
সঙ্গে লৈয়া নল ৰাজা মহাৰঙ্গ মনে।
চতুৰ্দ্দালে চড়ি যাই দময়ন্তী সঙ্গে॥