পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
নল-দময়ন্তী।


দধি দুগ্ধ ঘৃতৰ সহিত মধু পক্ক।
বসন ভুষণ দিয়া পূজিলা নলক॥
বিধিমতে সালঙ্কৃতা কৰি কন্যাধন।
সত্য অঙ্গীকাৰে ৰাজা কৰিলা অৰ্পণ॥
আতপৰে নাৰীগণ কৰয় কৌতুক।
সহস্ৰেক দাসী ৰাণী উৎসৰ্গে যৌতুক॥
হাতি ঘোড়া গৰু মহ অযুতে অযুত।
কন্যাৰ যৌতুক ৰাজা উৎসৰ্গে বহুত॥
গো, ভুমি, কাঞ্চন আৰু বসন ভূষণ।
যৌতুক উৎসৰ্গে মিলি যত বন্ধুগণ॥
অছিদ্ৰ বাচন কৰি সূৰ্য্য় অৰ্ঘ দিলা।
সুবৰ্ণ দক্ষিণা দিয়া ব্ৰাহ্মণে তুষিলা॥
দধি, দুগ্ধ, আদি দ্ৰব্যে ভোজন কৰিলা
বাসৰ গৃহক নলে সুখে চলি গৈলা॥
কুসুম শয্যায় নল যাগে বিভাবৰী।
কৌতুক কৰিলা মিলি যত সহচৰী॥
আপুনি ৰসিক নল নৈষধ ঈশ্বৰ।
ৰসিকা যে দময়ন্তী ৰসৰ সাগৰ॥
দোহে দোহাকাৰ ৰূপে মুগ্ধ অতিশয়।
পৰস্পৰে দুই হান্তে দোহাকো দেখয়॥
দৰিদ্ৰ পাইলে যেন নৱৰত্ন নিধি।
ততোধিক ভাগ মানি প্ৰশংসয় বিধি॥