পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
নল-দময়ন্তী। .

.

দ্ৰবিড় দ্ৰাবিড় ৰাঢ় আৰু মিথিলায়।
নন্দীগ্ৰাম নৈষেধ নৈমেষ দেশে যায়॥
নিমন্ত্ৰণী পত্ৰ পায়া যত ৰাজাগণ।
বিদৰ্ভ নগৰে সবে কৰিলা গমন।
দময়ন্তী অৰ্থে নল সততে ভাবিত॥
হেনকালে স্বয়ম্বৰ পত্ৰ উপস্থিত।

⸻:0:⸻

নলৰ বিদৰ্ভ যাত্ৰা।

পত্ৰ পায়া নল ৰাজা ভৈলাহা আতুৰ।
মাসেকৰ পথ হোৱে বিদৰ্ভ নগৰ॥
কেনমতে যাওঁ মই দময়ন্তী পাশ।
জানিলো নিশ্চয়ে মোৰ ভৈল সৰ্ব্বনাশ॥
দুঃখৰ সাগৰ মই তৰো কেন কৰি।
কোনে তৰাইবেক মোক মৰো হৰি হৰি॥
এতেক চিন্তিয়া পুণ্যশ্লোক নলৰাজা।
আৰম্ভিলা ভক্তিভাৱে অভয়াৰ পূজা॥
পূজা সমাপণ কৰি নল নৰপতি।
দেবীৰ চৰণে কৰে সষ্টাঙ্গ প্ৰণতি॥
কি কৈবো নলৰ ভাগ্য নযাই বৰ্ণন।
জগত জননী আসি দিলা দৰিশন॥
প্ৰসন্ন ভৈলোহো মই বুলিলা ভৱানী।
ভক্তিভাবে শুনা এহি সিদ্ধ মন্ত্ৰ খানী॥