পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


ৰাণী বোলে সখীগণ বিহিত যি হয়। '
নিশ্চয়ে কৰিবো দিহা নকৰা সংশয়॥
পূৰ্ণকান্তে বোলে সখি নকৰিবা চিন্তা।
দময়ন্তী যোগ্য পতি স্ৰজি আছে ধাতা॥

⸻:0:⸻

দময়ন্তীৰ স্বয়ম্বৰ উদ্যোগ।

দিন অৱসানে ভীমসেন নৰপতি।
ৰাজকাৰ্য্য এড়ি পূৰে আইলা মহামতি॥
ষোড়শ ব্যঞ্জনে ৰাজা কৰিয়া ভোজন।
সুবৰ্ণ পালঙ্গে গৈয়া কৰিলা শয়ন॥
থুৰিয়া তাম্বুল ৰাণী যোগাইলা আসি।
চৰণ সেবিবে লৈলা শয্যা পাশে বসি॥
কহিবে লাগিলা ৰাণী বিৰস বদন।
শুনা শুনা নৰপতি আমাৰ বচন॥
ভৈলেক গাভৰু মোৰ দময়ন্তী জীৱ।
বিহাৰ কাৰণে তাইৰ নিচিন্তাহা কিয়॥
শতপুত্ৰ সমকন্যা বোলে জ্ঞানী গণ।
সুপাত্ৰত কালে কন্যা যদি কৰে দান॥
আঠ বছৰীয়া কন্যা গৌৰীৰ সমান।
পিতৃলোকে পাৱে স্থান যদি কৰে দান॥