পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
নল-দময়ন্তী।


পৰাশৰ নামে ঋষি বিখ্যাত সংসাৰে।
মুৰাৰী নামতে বিপ্ৰ ভৈলা তান ঘৰে॥
ভৱদেৱ তান পুত্ৰ শাস্ত্ৰত পাৰ্গত।
তান হন্তে ৰামদেৱ ভৈলাহা বেকত॥
কৃষ্ণদেৱ বিপ্ৰবৰ তাহান সন্ততি।
তাহান তনয়া পদ্মা আতি গুণৱতী॥
পৰিণয় কৈলা উমাকান্ত জ্ঞানবান।
সেহি বিবাহৰ ফল মই অভাজন॥
পূৰ্ণকান্ত নাম মোৰ আতি মূঢ়মতি।
শ্ৰীকৃষ্ণ চৰণ বন্দি ভণো পদপুথি॥
ৰূদ্ৰ পৃষ্ঠে বসুবিধু ধৰিয়া যতনে।
আশ্বিন মাসৰ উনবিংশ দিন মানে॥
ভাৰ্গৱ বাসৰে যেনে দিন অৱসান।
শৰতৰ বিজয়া যে দশমীৰ দিন॥
লিখন সমাপ্তি ভৈল নল উপাখ্যান।
বোলা ৰামকৃষ্ণ পাপ হওক নিৰ্য্যাণ॥

⸻:0:⸻



বন্দনা।


মৎস্য ৰূপ ধাৰ,  সাগৰত পৰি;
 উদ্ধাৰিলা বেদ চাৰি।
ধৰি কুৰ্ম্মৰূপ,  অপৰূপ ৰূপ;
 ধৰিলা মন্দৰ গিৰি॥