এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
নল-দময়ন্তী।
যৈসানি অৰণ্যচাৰী, একাকিনী সঙ্গে নাৰী,
ত্যজিলা তখন এড়ি স্নেহ।
দেখিয়া পুত্ৰৰ মুখ, অজি দেখো ভৈল দুঃখ,
মেঢ়াই ধৰিলে মায়া মোহ॥
বিনা নল পুণ্য শ্লোক, পৃথিবীৰ অন্য লোক,
কেওঁৱে নকৰিলে কৰ্ম্ম হেন।
পুত্ৰৱতী অনুৰক্তা, সততে পতিত ভক্তা,
দোষ ন কৰয় কদাচন॥
ইন্দ্ৰ আদি দেৱগণে, ত্যজিয়া অক্ষুণ্ণ মনে,
বৰিলে সভাত যি জনক।
কি দোষত দেখি দোষী, ত্যজিলে অৰণ্যে পশি,
দয়া মায়া এড়িয়া সবাক॥
ভোক পিয়াসতে ক্লান্ত, পথশ্ৰম অবিৰত,
বন্য জন্ত আছিল অপাৰ।
জানিলোহো পৰিচয়, নকান্দাহা মহাশয়,
পুৰুষ নিষ্ঠুৰ অতি ঘোৰ॥
দ্বিজ পূৰ্ণ কান্তে বোলে, অভয়াৰ পদতলে,
থাকে যেন সদা মন মোৰ।
দময়ন্তী বাক্য শুনি, লাজে বোলে নৃপমণি,
পালে কোনে এড়ে এনে তিৰী।
ৰাজ্য নষ্ট লক্ষ্মী ভ্ৰষ্ট, কৰিলন্ত যেই দুষ্ট,
কৰালে বিচ্ছেদ সেই ধৰি॥