পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
নল-দময়ন্তী।


দান পায়া দ্বিজবৰ হৰষিত মন।
আপোনাৰ ঘৰে বিপ্ৰ কৰিল গমন॥

দময়ন্তীৰ মিলন।



ৰাত্ৰি অবসানে তৈত ভীমৰ নন্দিনী।
দাসীগণে সম্বোধিয়া বুলিলন্ত বাণী॥
শুনা সাৱধানে সখি আমাৰ বচন।
পৰীক্ষা কৰিবে লাগে সুতৰ নন্দন॥
সাৰথিৰ ঘৰে তোৰা যাস এতিক্ষণে।
তান আচৰণ সবে দেখা সাৱধানে॥
আতি গুণৱন্ত ৰাজা নৈষধ ঈশ্বৰ।
পৃথিবীত নাহি কেহো তান সমসৰ॥
বন্ধনে সক্ষম নল বিনে অগ্নি জল।
ইবিদ্যা মহীত জানে নলেসে একল॥
ৰন্ধন সামগ্ৰী মই পাঠাইবো সকল।
কেৱলে নেদিবো তাত অগ্নি আৰু জল॥
দেখো কেনে কৰি পাক কৰয় সিজন।
বিনা অগ্নি জলে যদি কৰয় ৰন্ধন॥
নিশ্চয় জানিবো নল নোহে অন্যজন।
এতেকতে তোৰা সবে দেখা এতিক্ষণ॥
ভৈমীৰ ইঙ্গিত পাই যতেক লিগিৰী।
নলৰ সমীপে তাৰা গেলা ধীৰি ধীৰি॥