পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
নল-দময়ন্তী।


যিবা জনে তযু কীৰ্ত্তি কৰিব শ্ৰৱণ।
তাহাঙ্ক নিদিবো মই বাধা কদাচন॥
কৰ্ক্কোটক দময়ন্তী নল ঋতুপৰ্ণ।
ইসবৰ নাম যিবা কৰিব কীৰ্ত্তন॥
তাহাৰ পাশত মই নযাইবো কখন।
কহিলো তোমাত ৰাজা স্বৰূপ বচন॥
এহি শুনি কলিক এড়িলা নৰবৰ।
ৰথত উঠিয়া গৈলা বিদৰ্ভ নগৰ॥
ৰথ ডাকে নল ৰাজা নৈষধ ঈশ্বৰ।
ক্ষণেকতে উপস্থিত বিদৰ্ভ নগৰ॥
আকাশৰ পথে ৰথ কৰয় গৰ্জ্জন।
বিদৰ্ভৰ প্ৰজাগণ কৰে নিৰীক্ষণ॥
ৰথ শব্দ শুনি ভৈমী উশ মিশ কায়।
আকাশত দেখি ৰথ মানিলা বিস্ময়॥
নল বিনা আছে হেন কাহাৰ শকতি।
নিশ্চয়ে জানিলোঁ মোৰ আইল প্ৰাণপতি॥
গোসানীৰ চৰণত যদি আছে ভক্তি।
শ্ৰীদুৰ্গা নবমী ব্ৰত কৰো যথাশক্তি॥
কায়-মনো-বাক্যে যদি হওঁ মই সতী।
নিশ্চয়ে পাইবো আজি মোৰ প্ৰাণপতি॥
এই বুলি দময়ন্তী প্ৰাসাদত চড়ি।
কুন্দ্ৰাক্ষৰ ছিদ্ৰে চাহে জুমাজুমি কৰি॥