পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
নল-দময়ন্তী।


কৈত ৰৈল হাতী ঘোড়া কৈত সেনাগণ।
বিস্ময় মানিয়া ৰাজা গুণে মনে মন॥
ইন্দ্ৰৰ মাতুলী বায়ু অশ্বিনী কুমাৰ।
এহি সব বিনে হেন শক্তি আছে কাৰ॥
মানুষৰ মধ্যে শক্তি ধৰে ৰাজা নল।
নিশ্চয়ে বাহুক মোৰ নল মহাবল॥
বলে বীৰ্ষ্য়ে দেখো আৰু সমান নলৰ।
কেৱলে কুৎসিৎ ৰূপ বিভৎস আকাৰ॥
ৰথত বসিয়া ৰাজা ভাবিছে অপাৰ।
নানা দেশ নদ নদী হইলেক পাৰ॥
হেনকালে নৃপতিৰ চেলেঙ্গ পড়িল।
দেখি ৰাজা বাহুকক বচন বুলিল॥
শুনাহা বাহুক ৰথ ৰাখা অশ্ব ধৰি।
গাৱৰ চেলেঙ্গ মোৰ খসি গৈল পড়ি॥
তুৰন্তে ৰাখিয়া ৰথ বাহুক বোলয়।
পঞ্চ যোজনৰ দূৰে চেলেঙ্গ আছয়॥
শুনি ঋতুপৰ্ণ ৰাজা বিস্ময় মানিলা।
মই এক বিদ্য়া জানো বাহুকে কহিলা॥
গণনাত মোৰ সম নাহি অন্য জন।
সন্মুখত যেই বৃক্ষ কৰা দৰিশন॥
পঞ্চ কোটী পত্ৰ আছে দুই কোটী ফল।
এতেক শুনিয়া মাতে মহাবীৰ নল॥