পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
নল-দময়ন্তী।


নলৰ সাৰথি মই চলাইবো ৰথ।
ছয় দণ্ডে যাইবো মই ছমাহৰ পথ॥
শুনিয়া কহিলা ৰাজা মনত উল্লাস।
বটা যিবা চাহা তুমি লোৱা মোৰ পাশ॥
নল বোলে কাৰ্য্য় যেবে কৰিবো তোমাৰ।
পুৰস্কাৰ মাগি মই লৈবো আপোনাৰ॥
এহি বুলি নল ৰাজা অশ্বশালে গৈলা।
এক এক কৰি ঘোড়া সকলে দেখিলা॥
ক্ষীণকায় সিন্ধুদেশী বাছি পাঞ্চো ঘোড়া।
বাহিৰ কৰিয়া ৰাজা আনিলন্ত ত্বৰা॥
ঘোড়া দেখি ঋতুপৰ্ণ আতি খঙ্গ মন।
কটু বাক্যে বাহুকক বুলিলা বচন॥
হাজাৰে হাজাৰে মোৰ আছে অশ্বগণ।
বায়ুতো অধিক যাৰ ত্বৰিত্ব গমন।
সেই সব ঘোড়া এড়ি দুৰ্ব্বল আনিলা।
এতেকে জানিলো মোক উপহাস কৈলা॥
বাহুক বুলিল যদি যাইবা ৰাজন।
আমাৰ বচনে কৰা ৰথে আৰোহণ॥
আতি দুঃখ মনে ৰাজা ৰথত উঠিল।
হাতী ঘোড়া সৈন্যগণ সঙ্গতে চলিলা॥
বাহুক ডাকিলা ৰথ বিতোপন আতি।
আকাশে উঠিলা ঘোড়া বায়ুসম গতি॥