এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
নল-দময়ন্তী।
শয়নে সপোনে মনে নাহি কিছু সুখ।
বিৰলে বসিয়া ভৈমী নিত্যে কৰে শোক॥
বিৰহ অনল যাৰ হৃদয়ত জ্বলে।
নহৱে শীতল সেই চন্দন ঢালিলে॥
বিদৰ্ভত বঞ্চে ভৈমী নাহি সুখ শান্তি।
একদিনা মাতৃক মাতিলা দময়ন্তী॥
জীৱন্ততে মৰা মই শুনা মাতৃ মোৰ।
কেৱলে আছয় দেহা কাৰণে নলৰ॥
অৰণ্যত তিন দিন ৰৈলো অনাহাৰে।
সুঁৱৰিলে সেহি কথা মোৰ প্ৰাণ মাৰে॥
নিশ্চয় নলৰ যদি নপাওঁ উদ্দেশ।
অগ্নিৰ মাজত মই কৰিবো প্ৰবেশ॥
কন্যাৰ কথাত ৰাণী বিষাদিত হুয়া।
ৰজাক কহিলা দেবী কান্দিয়া কান্দিয়া॥
শুনা শুনা নৰপতি মোৰ নিবেদন।
নল বিনে দময়ন্তী ত্যজিবেক প্ৰাণ॥
দমইৰ দিনে মই মৰিবো নিশ্ছয়।
এতেকতে বিহিত কৰা। মহাশয়॥
এতেকতে শুনি নৰপতি আনি বিপ্ৰগণ।
পুনৰ্ব্বাৰ দশো দিশে কৰিলা প্ৰেৰণ॥
তেবে দময়ন্তী দেবী মাতি দ্বিজগণে।
মৃদুস্বৰে কহে তাসম্বাৰ কাণে কাণে॥