পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
নল-দময়ন্তী।


এতকাল ছদ্ম কৰি আছা মোৰ ঘৰে।
পৰিচয় কিয় আই নিদিলাহা মোৰে॥
তোমাৰ জননী হোৱে মোৰ সহোদৰা।
সুদাম ৰাজাৰ কন্যা বাই ভণী মোৰা॥
আপোনাৰ বুলি জানা এহি ৰাজ্যধন॥
এতবুলি বৈদৰ্ভীক কৰিলা চুম্বন।
শুনি দময়ন্তী তেবে প্ৰণাম কৰিলা॥
বিনয় বচনে তাঙ্ক কহিবে লাগিলা।
পিতৃ মাতৃ হীন দুটী পুত্ৰ কন্যা আছে॥
জনক জননী মোৰ শোকে মৰিয়াছে।
আজ্ঞা কৰা মাসি মোক কৰোহো গমন।
শুনি ৰাজৰাণী আজ্ঞা দিলা তেতিক্ষণ॥
দিব্য বস্ত্ৰ অলঙ্কাৰে কৰিয়া সুবেশ।
দিব্য ৰথে তুলি পাঠাই দিলা নিজ দেশ॥
সুদেৱ ব্ৰাহ্মণ সঙ্গে চলিলা তখন।
আনন্দত ভাবে বিপ্ৰে পাইবো বহু ধন॥
ভীম পত্নী শুনে গৃহে আসিল তনয়া।
মুক্ত কেশে ধাইলা ৰাণী বিয়াকুল হৈয়া॥
পিতৃ মাতৃ পুত্ৰ কন্যা কৰে সম্ভাষণ।
বাৰ্ত্তা শুনি আসিলেক যত বন্ধুগণ॥
এহি মতে ভীম সুতা পিতৃৰ ভৱনে।
সতত শুখাৱে প্ৰাণ নলৰ বিহনে॥