পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
নল-দময়ন্তী।


দময়ন্তীৰ উদ্দেশ।

ভাৰ্য্য়া সঙ্গে গৈলা নল অৰণ্য ভিতৰ।
চৰ মুখে বাৰ্ত্তা শুনে ভীম নৰবৰ॥
শোকত ব্যাকুল আতি ভীম মহামতি।
সহস্ৰ সহস্ৰ দ্বিজ আনে শীঘ্ৰগতি॥
দ্বিজগণ প্ৰতি ৰাজা বুলিলা বচন।
নল আৰু দমইৰ কৰা অন্বেষণ॥
সন্ধান কহিবে মোক পাৰে যেই জনে।
তুষিবো তাহাক মই নানা ৰত্ন ধনে॥
এহি বুলি দ্বিজগণে মেলানি কৰিলা।
আজ্ঞা মাত্ৰে বিপ্ৰগণ দেশে দেশে গৈলা
সুদেৱ নামত দ্বিজ ভ্ৰমি নানা দেশ।
সুবাহু ৰাজ্যত গৈয়া কৰিলা প্ৰবেশ॥
কিছুদিন থাকি তৈত পাইলা উদ্দেশ।
ৰাজগৃহে আছে ভৈমী লিগিৰীৰ বেশ॥
ৰাজ গৃহে গৈয়া তেবে দ্বিজ বিচক্ষণ।
সৈৰিন্ধিৰ পাশে যাই কৰে নিৰীক্ষণ॥
চন্দ্ৰাননা সুলোচনা দীৰ্ঘ মুক্তকেশী।
পীনোন্নত পয়োধৰা সুনাসা সুবেশী॥
অনুপম ৰূপ গুণ দেখিয়া ব্ৰাহ্মণ।
জানিলা বৈদৰ্ভী এহি ইথে নাহি আন॥