(২২)
ভিতৰৰ পৈশাচ বিবাহকে অধম বুলি ধৰিছে। মনুৱে—ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰাজাপত্য, আসুৰ, আৰু গান্ধৰ্ব্ব, এই চয় বিধ ব্ৰাহ্মণৰ পক্ষে; আসুৰ, গান্ধৰ্ব্ব, ৰাক্ষস, আৰু পৈশাচ, এই চাৰি বিধ ক্ষত্ৰিয়ৰ পক্ষে; আসুৰ, গান্ধৰ্ব্ব, আৰু পৈশাচ, এই তিনি বিধ বৈশ্য আৰু শূদ্ৰৰ পক্ষে ধৰ্ম্মজনক বিবাহ বুলি ব্যবস্থা কৰিছে।
⸺
( ১ )
আচ্ছাদ্য চাৰ্চ্চয়িত্বা চ শ্ৰুতশীলবতে স্বয়ং,
আহুয় দানং কন্যায়া ব্ৰাহ্মোধৰ্ম্মঃ প্ৰকীৰ্ত্তিতঃ॥
মনু—৩।২৭
বেদজ্ঞ ব্ৰাহ্মণক আনি পূজা কৰি সাশ্চাদিতা কন্যা বিধিমত দান কৰাকেই ব্ৰাহ্ম বিবাহ বোলে॥
⸺
( ২ )
ঘজ্ঞেতু বিততে সম্যগৃত্বিজে কৰ্ম্ম কুৰ্ব্বতে,
অলঙ্কৃত্য সুতাদানং দৈবং ধৰ্ম্মং প্ৰচক্ষতে॥
মনু—৩।২৮
কন্যাক বস্ত্ৰালঙ্কা পিন্ধাই যজ্ঞ পাতি সেই যজ্ঞ সম্পাদনৰ সময়ত কন্যা দান কৰাকেই দৈব বিবাহ বোলে॥
⸺
( ৩ )
একং গোমিথুনং দ্বে বা বৰাদাদায় ধৰ্ম্মতঃ,
কন্যা প্ৰদানং বিধিবদাৰ্ষো ধৰ্ম্মঃ স উচ্যতে॥
মনু—৩।২৯